XtGem Forum catalog





স্মৃতিৰ ৰেঙনিত দক্ষিন বৰপেটা বনাম আধুনিকতা

                                                                                                                                   নুৰুল ইছলাম



                   ১৯৫০ চনত উজনি অসমত প্রবল ভূমিকম্প হোৱাৰ ফলত ব্ৰহ্মপুত্র নদীৰ গৰ্ভ ওপৰলৈ উঠি আহে আৰু ফেৰেলৰ সূত্ৰ অনুসৰন কৰি ব্ৰহ্মপুত্র নদীয়েও উত্তৰ পাৰ ভাঙিবলৈ আৰম্ভ কৰে । নদীৰ উত্তৰ পাৰে থকা গাঁওসমূহ যেনে- আলিৰ পাম,সাৰ গাঁও,আলি গাঁও,গৰলা,কাহিবাৰী,মানিকপুৰ,ৰানিৰপাম,শিলুচী,পালাৰপাম,বৰলী,সুতিৰপাৰ,চাচৰাৰ এই বৃহৎ এলাকা ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হৈ যায় । গৰাখহনীয়াৰ কবলত এই গাওসমূহত হাজাৰ হাজাৰ মানুহ উদ্বাস্ত হৈ পৰে । ইফালে বাংলাদেশৰ পৰা অহা হিন্দু শৰনাৰ্থী অসমত অনুপ্ৰৱেশ কৰে । এই দুয়োটা সম্প্ৰদায়ৰ উদ্বাস্ত মানুহখিনিক পুনৰ সংস্হাপনৰ উদ্দেশ্যে গোবিন্দপুৰ (সত্ৰকণৰা) বনভূমিত চৰকাৰে পুনৰ সংস্হাপিত কৰে ।

                   এই বিস্তীৰ্ন অঞ্চলত ব্ৰহ্মপুত্ৰ-বেকীৰ চৰচাপৰিয়ে হাজাৰ হাজাৰ সংখ্যালঘু অভিবাসীয়ে জীৱন-জীৱিকাৰ সন্ধানত কুৰি শতিকাৰ প্ৰথম দশকৰ পৰাই অবিভক্ত ভাৰতবৰ্ষৰ নাগৰিক হিচাপে অসমলৈ আহিছিল । ব্ৰিটিছৰ শাসনকালত বংগমূলীয় মুছলমানসকলে জমিদাৰী অত্যাচাৰ আৰু ভয়ংকৰ দৰিদ্ৰতাৰ পৰা পৰিত্ৰান বিচাৰি পূর্ববংগৰ বিভিন্ন জিলাৰ পৰা অসমৰ বিশাল হাবিতলীয়া চাপৰি অঞ্চললৈ ঢাপলি মেলিছিল । অত্যন্ত কষ্ঠ সহিষ্ণু পৰিশ্রমী প্ৰকৃতিৰ তাণ্ডবনীলাৰ বিৰুদ্ধে দুৰ্দান্ত সংগ্রাম কৰি জীয়াই থকা এই মানুহ খিনিয়ে এই অঞ্চললৈ আহি তেওঁলোকে বংগ দেশৰ পৰা লৈ অহা বাংলা ভাষাৰ মোহ পৰিত্যাগ কৰি অসমীয়া ভাষাকেই নিজ মাতৃভাষা বুলি সানন্দে গ্রহন কৰিছে । এই সকলে নিজে প্রতিষ্ঠা কৰা আসমীয়া মাধ্যমৰ বিদ্যলয় আৰু মহাবিদ্যালয়ৰ চোতাল গচকি অসমীয়া জাতিৰ সৈতে সম্প্ৰীতিৰ উষ্ণ আলিংগনত আবদ্ধ হৈছে । এনেকুৱা সমন্বয় আৰু সম্প্ৰীতিৰ উদাহৰণ বিৰল অবিস্মৰনীয় ।

                   এই নবাগত কৃষক সমাজৰ এক গৰিষ্ঠ অংশই ব্রহ্মপুত্রৰ গৰাখহনীয়াৰ কবলত পৰি কৃষি যোগ্য মাটি আৰু জীৱন-জীৱিকাৰ বাবে হাবাথুৰি খাই ফুৰিব লগীয়া হৈছে । সেইদৰে ঘূৰি ফুৰোতে পিছে পিছে ৰাং কুকুৰৰ দৰে বাংলা দেশী অপবাদটো খেদি ফুৰিছে । নদীৰ গৰাখহনীয়াৰ কবলত পৰি এই অঞ্চলৰ কৃষক সমাজ ভূমিহীন দিনমজুৰ আৰু কামলাৰ সংখ্যা অহৰহ বৃদ্ধি পাব লাগিছে ।